পৰিৱেশ বিষয়ক কবিতা আবৃত্তি অনুষ্ঠান Poem recitation Programme
Department
Assamese
Name of The Programme
পৰিৱেশ বিষয়ক কবিতা আবৃত্তি অনুষ্ঠান Poem recitation Programme
Venue
Suren Das College
Date
2022-06-07
Major Objectives

A poem recitation Programme was organized by the Department of Assamese in the environment week in order to create awareness among the students regarding the value of World Enviroment Day.

Resource Persons/Faculty Involved/Coordinator
Nature Of Perticipation
Activities Carried out / Detail Description of the Programme

 

 

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি 'কেৱল এখনেই পৃথিৱী' (Only one Earth) মূল বিষয়ক সৰোগত কৰি হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত পালিত সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে আজি ০৭ জুন,২০২২ তাৰিখে অসমীয়া বিভাগৰ সাহিত্য চ'ৰাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত এখনি পৰিৱেশ বিষয়ক কবিতা আবৃত্তি অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানটো সঞ্চালনা কৰে বিভাগীয় প্ৰধান Dr. Ranju Thakuria ই । উদ্দেশ্য ব্যাখ্যাৰ লগতে কবিতা আবৃত্তিৰে অনুষ্ঠানৰ আৰম্ভণি কৰে বিভাগৰে সহকাৰী অধ্যাপিকা ড° ভনিতা নাথে । ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ আৰু প্ৰকৃতি বিষয়ক কবিতা আবৃত্তিৰে উপস্থিত সকলোৰে মাজত পৰিৱেশ বিষয়ক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । অনুষ্ঠানৰ শেষৰফালে বিভাগৰে সহকাৰী অধ্যাপিকা ড° বিনীতা বৈশ্য‌ই নৱকান্ত বৰুৱাৰ কবিতা আৰু Dr. Ranju Thakuria ই স্ব-ৰচিত কবিতা আবৃত্তিৰে ছাত্ৰ-ছাত্ৰীক আপ্লুত কৰে । শেষত চুমি কাথাৰে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি কৰে । অনুষ্ঠানটোৰ পৰিচালনত বিশেষ তদাৰক কৰে বিভাগৰে সহকাৰী অধ্যাপক ৰাহুল কুলিয়ে । অৰ্থনীতি বিভাগৰ চয়নিকা গোস্বামী, বন্দিতা ডেকাৰ উপস্থিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সহায় কৰে ।

 

News Link:

https://fb.watch/dvIW570WpL/

 

Photographs
Programme Schedule