To encourage the talents of women
হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
সুৰেন দাস মহাবিদ্যালয়,হাজোৰ মহিলা অধ্যয়ন কোষৰ উদ্যোগত হাজোৰ কৈৱৰ্তটোলা গাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । ড° ভনিতা নাথে আঁত ধৰা অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে মহিলা অধ্যয়ন কোষৰ সমন্বয়ক ড° ৰূপাঞ্জলি হাজৰিকাই । এই দিৱসৰ সৈতে সংগতি ৰাখি তৃষাৰাণী দাসে নাৰী দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য দাঙি ধৰে । অনুষ্ঠানটো সফলতাৰে অনুষ্ঠিত হোৱাত কৈৱৰ্তটোলাবাসী ৰাইজে পূৰ্ণ সহযোগ কৰে । উল্লেখযোগ্য যে উক্ত গাঁওখন সুৰেন দাস মহাবিদ্যালয়ৰ তোলনীয়া গাঁও (Adopted village) । গাঁৱৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সাংস্কৃতিক শোভাযাত্ৰা, বাটৰ নাট প্ৰদৰ্শন, স্থানীয় মহিলাৰ মাজত দিহানাম প্ৰতিযোগিতা, ল'ৰা-ছোৱালীৰ মাজত বিহুনৃত্য, খেল-ধেমালি প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয় পৰিয়ালৰ সৈতে সহযোগিতা কৰি প্ৰতিটো অনুষ্ঠানত অংশগ্ৰহণ কৰি গাঁওবাসী উৎফুল্লিত হৈ পৰে । তদুপৰি বিগত বৰ্ষবোৰৰ দৰে এইবাৰো 'আন্তৰ্জাতিক নাৰী দিৱস' উপলক্ষে শিক্ষক-ছাত্ৰৰ সমন্বয়ত তথা তৃষাৰাণী দাস আৰু চয়নিকা গোস্বামীৰ সম্পাদনাত প্ৰকাশিত প্ৰাচীৰ পত্ৰিকা 'স্ৰোতস্বিনী' উন্মোচন কৰে শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক বেদাঙ্গদাস মহান্তিয়ে ।
VEDIO Clik to view
NEWS Clik to view